পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬৬
[ঘোষা ৩৫৩
নাম-ঘোষা


নাৰদ সনত- কুমাৰ অনন্ত
 শুক মুনি আদি কবি।
মুকুতি-সুখক ঠেলি ৰাম-নাম
 সদায় ফুৰে সুমৰি॥ ৩৫৩
ইটো ৰাম-নামে আপুনাৰ গুণে
 ঈশ্বৰকো কৰে বশ্য।
এতেকে জানিবা ৰাম-নাম বিনে
 শাস্ত্ৰৰো নাহি ৰহস্য॥ ৩৫৪
চৈতন্য-ঈশ্বৰ- আদিত্য যাহাৰ
 হিয়াত ভৈলা প্ৰকাশ।
কাল-মেঘ-প্ৰায় অবিদ্যা-আন্ধাৰ
 তাহাৰো হোৱে বিনাশ॥ ৩৫৫
ভালুক বানৰ ৰাক্ষস তৰিল
 ৰামত কৰিয়া সেৱ।
হেনয় পৰম কৃপালু দেৱতা
 ৰাম বিনে নাহি কেৱ॥ ৩৫৬
নিৰ্গুণ কৃষ্ণৰ গুণক প্ৰকাশ
 কৰিলা শ্ৰীশঙ্কৰে।


৩৫৬॥ সুৰোহসুৰো ৱাপ্যথ ৱানবো নৰঃ সৰ্বাত্মনা ষঃ সুকৃতজ্ঞমীশ্বৰং।
 তজেত ৰামং মনুজাকৃতিং হৰিং ৰ উত্তৰাননয় কোশধান্ দিৱং॥


পা ৩৫৫॥ প্ৰকাশ - প্ৰৱেশ।