পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৩৫২
৭৬৫
নাম-মহিমা


কৃষ্ণ-গুণ-নাম- ধৰ্ম্মেসে পৰম
 মঙ্গলৰো সুমঙ্গল॥
কৃষ্ণৰ কীৰ্ত্তন- ৰসেসে কেৱলে
 মুকুতি-সুখৰ ফল॥ ৩৪৮
যিহেতু কৃষ্ণৰ কীৰ্ত্তন-ধৰ্ম্মত
 নাহিকে পাত্ৰ নিয়ম।
কেৱলে কৃষ্ণৰ কীৰ্ত্তনে কৰয়
 সমস্তকে নৰোত্তম॥ ৩৪৯
অন্যত্ৰ সাধনে কোনো বিচক্ষণ-
 জনক মোক্ষ দিৱয়।
কৃষ্ণৰ জন্মৰ কৰ্ম্মৰ কীৰ্ত্তনে
 মুকুতিকো বিড়ম্বয়॥ ৩৫০
ৰাম হেনো ইটো দুগুটি অক্ষৰ
 বলৰ নাহিকে সীমা।
মুকুতি-সুখকো কৰিলে অধীন
 আছোক আন মহিমা॥ ৩৫১
যিটো ৰুদ্ৰদেৱে পৰম লীলায়ে
 জগতকে সংহৰন্ত।
ৰামৰ নামৰ তেহো হুয়া বশ্য়
 দিনে-ৰাত্ৰি সুমৰম্ভ॥ ৩৫২


৩৫২॥ ঈশোহহং সৰ্ৱজগতাং নায়াং ৱিঞ্চোৰ্হি জাপকঃ॥