পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৩৪৩ ]
৭৬৩
নাম-মহিমা


সংসাৰ বিনাশে হৰিকো প্ৰকাশে
 নামৰ মহামহিমা॥ ৩৩৯
হৰিৰ নামত একোৱে বিঘিনি
 নাহিকে জানা নিশ্চয়।
আন যত ধৰ্ম্ম তাহাৰো বিঘিনি
 নামেসে দূৰ কৰয়॥ ৩৪০
ৰাম-নাম মহা- প্ৰমত্ত সিংহৰ
 ধ্বনি শুনি ঋণি ঋণি।
পাপময় মত্ত মাতঙ্গ পলায়
 মিলিল হেৰা বিঘিনি॥ ৩৪১
ৰাম-কৃষ্ণ-নাম কীৰ্ত্তন বাড়ৱ-
 অগনিৰ শিখা লাগি।
অসুৰ ৰাক্ষস পাষণ্ড পিশাচ
 পলায় দশো দিশে ভাগি॥ ৩৪২
জয় জগজীৱ জগত-কাৰণ
 জয়তি জগনিৱাস।
তোহ্মাৰ ভকতি- ৰসে মুকুতিকো
 কৰে বহু পৰিহাস॥ ৩৪৩


৩৪১-৪২॥ তুক” ত্বন্নামসংকীতমতো নিশাচৰা ব্ৰৱন্তি ভুতান্য়পযান্তি চাৰয়ঃ।
 নাশং তথা সম্প্ৰতি যান্তি ৱিষ্ণোৰ্ধৰ্মাদি সত্য়ং ভৱতীহ মোক্ষম্।

-ব্ৰহ্ম-পুৰাণ


 পা ৩৪৩॥ পৰিহাস—উপহাস।