পৃষ্ঠা:Kirtan Ghosha.pdf/৭৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬২
[ঘোষা ৩৩৪
নাম-ঘোষা

যিটো মহাজনে ঈশ্বৰ কৃষ্ণৰ
 ভজয় পদ-কমল।
কুল উদ্ধাৰিল আপুন তৰিল
 তাৰেসে জন্ম সাফল॥ ৩৩৪
সুদৃঢ় বিশ্বাস কৰি যিটোজনে
 সদা ৰাম-নাম গাৱে।
তাক বাপ-দায় দিয়া দুষ্ট কলি
 দূৰতো দূৰ পলাৱে॥ ৩৩৫
অলপ অক্ষৰ ৰাম-কৃষ্ণ-নাম
 কোমলৰো সুকোমল।
ৰাম-কৃষ্ণ-নাম সৱাৰো সুহৃদ
 মঙ্গলৰো সুমঙ্গল॥ ৩৩৬
মুকুতসৱৰো মনক টানিয়া
 আনয় হৰিৰ গুণে।
এক-প্ৰাণ হুয়া মহন্তসকলে
 গাৱয় কহয় শুনে॥ ৩৩৭
হৰিৰ নামৰ অনন্ত মহিমা
 জানি মহাজনে গান্ত।
আপুন নামৰ মহিমাক হৰি
 আপুনি অন্ত নপান্ত॥ ৩৩৮
হৰিৰ নামৰ অনন্ত প্ৰভাৱ
 কোনে কহি পাৱে সীমা।