এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
৬৭
প্ৰহ্লাদ-চৰিত্ৰ


দেখিয় স্ফটিক বাৰৰ গুণি।
মাঞ্জে গৃহ যেন লক্ষ্মী আপুনি॥ ৮

গোৱিন্দৰ গুণ-চৰিত্ৰ বাজে।
শুনে গ্ৰাম্য কথা যিটো নিলাজে॥
বৈকুণ্ঠে নযায় সিটো ভাগ্যশূন্য।
কুকথায়ে হৰে সমস্তে পুণ্য॥ ৯

তমো নৰকে হৱে চিৰ বাস।
আপুনি চিন্তে আপুনাৰ নাশ॥
দেৱৰো বাঞ্ছনী মনুষ্য-জম্ম।
উপজে আত যত জ্ঞান ধৰ্ম্ম॥ ১০

নকৰে কীৰ্ত্তন ইহাক পায়া।
জানিবা তাক লঙ্ঘে বিষ্ণু-মায়া॥
হেন, জানি আন আলাপ এড়ি।
বোলা হৰি হৰি সমাজে বেঢ়ি॥ ১১


পা* ৮॥ দেখি—দেখিয়া
  স্ফটিক বাৰৰ - স্ফটিকৰ বাৰ
  মাঞ্জে - সাঞ্জে [ সংমাৰ্জতীৱ - ভাগৱত ৩।১৫।২১]
পা* ১০॥ জ্ঞান ধৰ্ম্ম - জ্ঞান কৰ্ম্ম [ জ্ঞানং চ তত্ববিষয়ং সহধৰ্ম্ম

[ ভাগৱত ৩।১৫।২৪]


 ১১। আলাপ–আলাস   লঙ্ঘে - বঞ্চৈ।