পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬০
ঘোষা ৩২৭
নাম-ঘোষা


নাম-মহিমা

কৃষ্ণৰ পৰম নিৰ্ম্মল চৰিত্ৰ
 কথাৰ যৈত প্ৰকাশ।
গঙ্গা আদি কৰি যত তীৰ্থ আছে
 তৈতেসে কৰে নিৱাস॥ ৩২৭
শ্ৰীৰাম-নাম ভকতজনৰ
 মহাধন হীৰা বিত্ত।
সংসাৰ-সাগৰে তাৰ দুৰ্গ পাৰ
 শ্ৰীৰাম-নামে নিশ্চিত॥ ৩২৮
শ্ৰীৰাম-নাম মল-অৰণ্যৰ
 বাড়ৱ অগনি সম।
শ্ৰীৰাম-নাম মনৰ উৎসৱ
 ভদ্ৰতো ভদ্ৰ উত্তম॥ ৩২৯
নাৰায়ণ-নাম নৰ সমস্তৰ
 প্ৰসিদ্ধ চৌৰ বিশেষ।


৩২৭॥ তত্ৰৈৱ গঙ্গা যমুনা চ ৱেণী
  গোদাৱৰী সিন্ধু সৰস্বতী চ।
 সৰ্ৱাণি তীৰ্থানি ৱসন্তি তত্ৰ
  যত্ৰাচ্য়ুতোদাৰকথাপ্ৰসঙ্গঃ।

-পাণ্ডৱী-গীতা


৩২৮॥শ্ৰীৰামনাম ভৱসাগৰদুৰ্গপাৰং।
 শ্ৰীৰামনাম ভগৱজ্জনহীৰৱিত্তম্॥
৩২৯।শ্ৰীৰামনাম মলকাননচিত্ৰভানুঃ।
 শ্ৰীৰামনাম মনস উৎসৱভদ্ৰভদ্ৰম্॥