পৃষ্ঠা:Kirtan Ghosha.pdf/৭৭৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫৬
[ঘোষা ৩০৯
নাম-ঘোষা

নমো নমো কৃষ্ণ তোমাৰ ভকতি
 মুকুতিতো কৰি বলে।
মোৰ তাকে মন দিয়োক শৰণ
 অৰুণ-চৰণ-তলে॥ ৩০৯
চৰণত ধৰো কাতৰ কৰোহো
 ইবাৰ নেৰিয়ো হৰি।
পতিত-পাৱন দেৱ নাৰায়ণ
 নাহিকে তোহ্মাৰ সৰি॥ ৩১০
এ ভৱ-সাগৰে মজি নাৰায়ণ
 আতুৰ ভৈলো আপাৰ।
দীন অনাথক তুমি কৃপাময়
 চৰণে কৰা উদ্ধাৰ॥ ৩১১
হে হৰি তযু মায়ায়ে আমাক
 ভাণ্ডিছে কৰি কপট।
দূৰ কৰা মায়া চাপোহো তোহ্মাৰ
 চৰণ-ছত্ৰ-নিকট॥ ৩১২
পতিত-পাৱন ৰাম নাৰায়ণ
 চৰণে মোক উদ্ধাৰা।
আমি পতিতৰ পতিত-পাৱন
 নামৰ পৰীক্ষা কৰা॥ ৩১৩
পতিত-পাৱন নাম নাৰায়ণ
 প্ৰসিদ্ধ সমস্ত জনে।