এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৬
[খণ্ড ৬
কীৰ্ত্তন-ঘোষা

যতেক ৰমণী লক্ষ্মী প্ৰত্যেক।
কল্পতৰু সম বৃক্ষ যতেক॥
বৈমানিকগণ পৰম ৰঙ্গে।
হাতত তাল নাৰীগণ সঙ্গে॥৪

গাৱন্ত কৃষ্ণৰ গুণ চৰিত।
আনন্দতে দ্ৰৱে সৱাৰো চিত্ত॥
সুগন্ধি বায়ুক কৰে ধিক্কাৰ।
সিবেলা মনক মোহে আমাৰ॥ ৫

ভ্ৰমৰৰাজে গাৱে হৰি-গীত।
যতেক পক্ষী তাতে দিয়ে চিত্ত॥
নকৰে আৰাৱ থাকে নিছুকে।
কৃষ্ণৰ চৰিত্ৰ শুনে উৎসুকে॥ ৬

চড়ি ৰত্নময় দিব্য বিমানে।
যতেক সুন্দৰী পদ্মিনী মানে॥
হাস-লাস কৰি দৰশে গাৱ।
বৈষ্ণৱজনৰ নুপজে ভাৱ॥৭

হৰিৰ গৃহে মহালক্ষ্মী মাৱে।
হাতে ফুৰাই পদ্ম ভ্ৰমন্ত পাৰে॥



পা ৪॥ভাল-ভান