পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ঘােষা ২৮১] নিন্দা হৰি-ভকতৰ দায় নধৰয় যম কাল আৰ কলি। ইসৱ কথা যিটো নমানয় তিনিতাে কৰিয়া বলী। ২৭৭ হৰি-ভকতৰ ছিদ্রক নধৰে দুষ্ট-শিৰােমণি কলি। হেন ভকত, কিঞ্চিতত ছিদ্রক সজ্জনে থাকে আকলি ২৭৮ হৰিৰ চৰণ সদা আধস্ত ব্রহ্মা হৰ পুৰন্দৰ। হেন হৰি-পদে শৰণ নৱে কোন বুদ্ধিহীন নৰ। ২৭৯ মৃত্যুৰ মুখত সদায়ে পড়িয়া আছয় যিসৱ নৰে। সিটো নিদাৰুণে হৰি-গুণ-নাম কীৰ্ত্তন কেনে নকৰে। ২৮০ ভাৰত ভূমিত জনম লভিয়া নভজে হৰিচৰণে। সিটো জ্ঞানশূন্য পশুতে অধম জনম লভিল কেনে॥ ২৮১