পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২৭২]
৭৪৭
খেদ

যিজনে কেৱলে হৰি-নাম লৱে
 পুৰুষ সিসি চতুৰ॥ ২৬৮
বিষয়-সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ
 সমস্ত যোনিতে পাই।
পৰম দুৰ্ল্লভ হৰিৰ ভকতি
 মনুষ্যত পৰে নাই॥ ২৬৯
মনুষ্য-জনম লভিবাৰ ফল
 হৰিৰ কীৰ্ত্তন মাত্ৰ।
হৰিৰ কীৰ্ত্তন কৰি মহাসুখে
 হোৱে ভকতিৰ পাত্ৰ॥ ২৭০
হৰি-গুণ-নাম- শ্ৰৱণ-কীৰ্ত্তনে
 কৰয় চিত্ত নিৰ্ম্মল।
হৰিৰ চৰণে কেৱলে ভকতি
 লভিবাহা সুমঙ্গল॥ ২৭১

 

খেদ

কাল-গ্ৰস্ত হুয়া ভৈলো অচেতন
 বয়স গোৱাইলো হেলে।
বান্ধৱ কৃষ্ণৰ নামক নলৈলো
 হৰি-ভকতৰ মেলে॥ ২৭২


 পা*॥ বয়স—বছৰ। গোৱাইলো—গমাইলো।