পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪০
[ঘোষা ২৩৬
নাম-ঘোষা

ৰাম-কৃষ্ণ-নাম অমৃত-সাগৰে
 যিটোজনে কৰে কেলি।
তৃণ সম কৰি  সিটো মহাজনে
 মুকুতিকো থৱে ঠেলি॥ ২৩৬
হৰি-পদ মহা-  থালী ৰাম-নাম
 অমৃতে আছে ভৰিয়া।
কপট ঢাকন  ভাঙ্গি আৱে ভাই
 সন্তোষ হুয়োক পিয়া॥ ২৩৭
মহন্তসৱৰ  সঙ্গে ৰাম-নাম
 লৈয়ো অঞ্জনীয়া কৰি।
কপট দুৱাৰ  চুৰিয়া হৃদয়
 ভাণ্ডাৰে দেখিয়ো হৰি॥ ২৩৮
ৰাম কৃষ্ণ ৰাম  কৃষ্ণ ৰাম কৃষ্ণ
 ৰাম কৃষ্ণ ৰাম হৰি।
আলাস তেজিয়া  ভজিয়ো হৰিক
 জানি এক মন কৰি॥ ২৩৯
মহন্তৰ সঙ্গে  সদায় মুখত
 নছাৰিবা ৰাম-বাণী।


২৩৬৷৷ ত্বৎকথামৃতপাথোথৌ ৱিহৰন্তো মহামুদঃ।
 কুৰ্ৱন্তি কৃতিনঃ কেচিচ্চাতুৰ্ৱৰ্গং তৃণোপমম।৷

-ভাগৱত-ভাৱাৰ্থ-দীপিকা, ১০,৮৭,২১


পা ২৩৭৷৷ ঢাকন--দুৱাৰ
 ২৩৯৷৷ জানি এক মন-- মন একাজানি৷