পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩৮
[ঘোষা ২২৬
নাম-ঘোষা

সদায়ে ভাবিয়ো  ৰাম নাৰায়ণ
 আলাস কেনে কস।
মুখ মাঝে হৰি  নামৰ নিৱাস
 ভুলিয়া কেনে মৰস॥ ২২৬
গোপাল গোপাল  গোপাল গোপাল
 গোপাল গোৱিন্দ হৰি।
ৰাম কৃষ্ণ ৰাম  কৃষ্ণ ৰাম কৃষ্ণ
 বুলিয়ো আনন্দ কৰি॥ ২২৭
শীঘিৰ কৰিয়া  বোলা ৰাম হৰি
 বিলম্ব নকৰ ভাই।
কোননো নায়ক  যমৰ দায়ক
 হৰিক সুহৃদ পাই॥ ২২৮
নমো নিৰঞ্জন  দানৱ-গঞ্জন
 ভকতৰঞ্জন ৰাম।
গোপাল গোবিন্দ  মুকুন্দ মুৰাৰি
 বোলা ভাই অবিশ্ৰাম॥ ২২৯
হৰি-পদে ধৰ  অন্যায় নকৰ
 দুৰ্জ্জন মন পামৰ।
সাক্ষী হুয়া হৰি  হিয়াৰ ভিতৰে
 আছা দেৱ দণ্ডধৰ।৷ ২৩০