পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২১৫]
৭৩৫
উপদেশ

কৃষ্ণকেসে মাত্ৰ  ভজে যিটোজনে
 অব্যভিচাৰী ভকতি।
তিনি গুণ অতি-  ক্ৰমি ব্ৰহ্ম-ৰূপ
 পাৱে সিটো মহামতি॥ ২১১
তিনি-গুণময়  যত জ্ঞান কৰ্ম্ম
 কেৱল বন্ধ-কাৰণ।
জানি তাক তেজি  একান্ত ভকতি
 ভজিয়ো কৃষ্ণ-চৰণ॥ ২১২
ৰজোগুণ তমো-  গুণ যত বৃত্তি
 কেৱলে আসুৰী ভাৱ।
শুধ সত্ত্ব বৃত্তি  দেৱৰ সম্পত্তি
 লৈয়া ভজা কৃষ্ণ-পাৱ॥২১৩
মহন্তৰ সঙ্গে  হৰি-কথা-বসে
 মনক জিনিয়ো ভাই।
মায়াক তৰিয়া  হৰিক পাইবাৰ
 উপায় আৱৰ নাই॥২১৪
হৰি-গুণ-নাম-  শ্ৰৱণ-কীৰ্ত্তনে
 ভজিয়ো হৰি-চৰণ।
মনুষ্য হুইবাৰ  এহিমানে মাত্ৰ
 জানা নিজ প্ৰয়োজন॥২১৫


২১১। মাঞ্চ যোহৱ্যভিচাৰেণ ভক্তিযোগেন সেৱতে।
 স গুণান্ সমতীত্যৈতান্ ব্ৰহ্মভূৱায় কল্পতে॥

-ভগৱদগীতা ১৪,২৬