পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২০৬]
৭৩৩
উপদেশ

হৰিকেসে মাত্র  কহৱে নিশ্চয়
 জানা তথ্য এহিমানে॥ ২০৩

সত্য অসত্যৰ  জড় চৈতন্যৰ
 মাজত যিটো প্রকাশে৷
তাকে বুলি মন  সেহি সিটো পাৱে
 যিজনে যাক উপাসে৷৷ ২০৪

মায়া আদি কৰি  সমস্তে অসন্ত
 জানিবা জড় নিশ্চয়।
হৰি মাত্র সন্ত  চৈতন্য ঈশ্বৰ
 পৰম তত্ত্ব নির্ণয়৷৷ ২০৫
বাসুদেৱ বাসু-  দেৱ বাসুদের
 বুলিয়া যিটো সুমৰে।
সিটো পুৰুষৰ  জানা যম ৰাজা
 লিখন মাৰ্জ্জন কৰে ৷৷ ২০৬


২০৩৷৷ ৱেদে ৰামায়ণে চৈৱ পুৰাণে ভাৰতে তথা।
 আদিমধ্যাৱসানেষু হৰিঃ সৰ্ৱত্ৰ গীয়তে৷৷
২০৪। যদ্ধি সদসতােৰ্মধ্যাং যন্মধ্যাং চিতিজাড্যয়োঃ।
 তম্মনঃ প্ৰােচতে ৰাজন্ দ্বয়ং দোলায়তে হৃদি।
২৬। ৱাসুদেৱ ৱাসুদেৱ বাসুদেৱেতি যো ৱদেৎ।
 তস্য ৱৈৱশ্বতাে ৰাজা কৰােতি লিপিমার্জনম্৷৷


পা ২০৪ ৷৷ সত্য অসত্যৰ--সত অসতৰ।
 ২০৫ ৷৷ অসন্ত—অসত্য। সত—সত্য।