পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩২
[ ঘোষা ২০
নাম-ঘোষা


কেৱল ভকতি  পুৰুষক তাৰে
 সহায় কাকো নচাৱে।
জ্ঞানে কৰ্ম্মে তাৱে  তাবিতে নপাৰে
 ভকতি নপাৱে যাৱে॥ ২০০
দুষ্ট কলি-সৰ্পে  সৱাকো দংশিলে
 হৰাইল চেতন জ্ঞান।
ইহাৰ ঔষধ  শুধা ৰাম-নাম
 বিনে নাহি নাহি আন॥২০১
সকলে পুণ্যৰ  অবিনাশী ফল
 হৰি-গুণ-নাম সাৰ।
হৰিক সন্তোষ  কৰাইবাৰ হেতু
 নাম বিনে নাহি আৰ॥ ২০২
বেদে ৰামায়ণে  পুৰাণে ভাৰতে
 আদি মধ্য অৱসানে।


২০০॥ তস্মাল্মদ্ভক্তিযুক্তস্য় যোগিনো ৱৈ মদাত্মনঃ।
  ন জ্ঞানং ন চ ৱৈৰাগ্যং প্ৰায়ঃ শ্ৰেয়ো ভৱেদিহ॥
২০১॥ কলিনা দুষ্টসৰ্পেণ দষ্টানমিহ ভেষজম্।
 নাস্তি নাস্তোৱ নাস্ত্যেৱ ৰামনামামৃতং ৱিনা॥
 —কুৰ্ম-পুৰাণ (ভক্তি-ৰত্নাকৰ ২১.১৯)
২০২॥ তু’ৰু ইদং হি পুংসস্তপসঃ শ্ৰুতস্য ৱা
 স্বিষ্টস্য় সূক্তস্য় চ বুদ্ধিদত্তয়োঃ।
 অৱিচ্যুতোহৰ্থ, কৱিভিৰ্নিৰূপিতো
 যদুত্তমল্লোকগুণানুৱৰ্ণনম্॥
 —ভাগৱত পুৰাপ ১ ৫ ২২