এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
[খণ্ড ৫
কীৰ্ত্তন-ঘোষা

দেৱৰো দুৰ্ল্লভ ইহেন জন্মক
 ব্যৰ্থ কৰা কোন কামে।
গৃহতে থাকিয়া হৰিক স্মৰিয়া
 মোক্ষ সাধা হৰি-নামে॥ ৪১
কোটি এক ৰাজ- সূয় অশ্বমেধ
 যজ্ঞ আক নোহে সৰি।
হেন হৰি-নাম নলৈয়া হেলাত
 মৰে আত্মঘাত কৰি॥
হেন বেদ-বাণী  তথ্য হেন জানি
 আসনতে সুখে থাকি।
আপুনাকো তাৰা  পুৰুষ উদ্ধাৰা
 হৰি হৰি বোলা ডাকি॥৪২



অজামিলোপাখ্যান সমাপ্ত॥৫॥