পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ১৯১]
৭২৯
নমস্কাৰ

ভজন

জয় জয় জয় কৃষ্ণ কৃপাময়
 ভজিলো তোহ্মাৰ পাৱে।
তোহ্মাৰ চৰণ-  পঙ্কজত মন
 মজোক মোৰ স্বভাবে॥ ১৮৮
জয় জয় ৰাম  জগত-কাৰণ
 জগত-জীৱন স্বামী।
পৰম দেৱতা  জানিয়া তোহ্মাৰ
 চৰণে ভজিলো আমি॥ ১৮৯
অনাদি অনন্ত  হে ভগৱন্ত
 ভজো কৰি প্ৰণিপাত।
মুকুতি-ৰসকো  তেজি মহাজনে
 শৰণ লৱে তোহ্মাত॥ ১৯০


নমস্কাৰ

নমো কৃষ্ণদেৱ  পাপী বুলি কেৱ
 মোক মোৰ নোবোলয়।
পতিত-পাবন  জানিয়া তোহ্মাত
 আপুনি গৈলো বিক্ৰয়৷৷ ১৯১


পা ১৯০৷৷ ৰসকো-- সুখকো৷