পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২৮
[ঘোষা ১৮৪
নাম-ঘোষা

হে কৃষ্ণ স্বামী  তযু পাৱে আমি
 কেৱল শৰণ চাঞো।
কৰা অনুগ্রহ  মায়াৰ নিগ্রহ
 তেৱেসে প্রভু এৰাঞো ৷৷ ১৮৪

হে যদুপতি  মঞি মুঢ়-মতি
 নজানাে সেৱা তােহ্মাৰ।
কেৱল তোমাৰ চৰণ-পঙ্কজে
 শৰণ কৰিলো সাৰ৷৷ ১৮৫

পুৰুষ-উত্তম  পৰম-পুৰুষ
 পৰম-আনন্দ স্বামী।
তযু পাদ-পদ্ম-  মকৰন্দ আশে
 শৰণ পশিলো আমি৷৷ ১৮৬

প্রভু ভগৱন্ত  অনন্ত ঈশ্বৰ
 প্ৰপন্ন-জন-তাৰণ।
তুমি প্রিয়তম  পৰম দেৱতা
 জানিয়া লৈলাে শৰণ ॥ ১৮৭


১৮৬-৮৭। ভজমি পুৰুষোত্তমং পৰমং পুৰুষং পৰমানন্দং স্বামিনং।
 ভগৱন্তং নৰােত্তমমনন্তমীশ্বৰং পৰমদেৱতাং বন্দে।


পা ১৮৪৷৷ শৰণ--ভকতি৷৷ তেৱেসে-- তেৱে বা৷