পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২৪
[ঘোষা ১৬৭
নাম-ঘোষা

ইন্দ্ৰ আদি দেৱো গোৰ ইন্দ্ৰ পাতি
 কৰিলন্ত অভিষেক।
পৰম প্ৰসিদ্ধ গোবিন্দ নামক
 ধৰিলা হৰি প্ৰত্যেক॥ ১৬৭
দেশে কালে তাঙ্ক একোৱে প্ৰকাৰে
 কৰিতে নপাৰে অন্ত।
এহি হেতুতেসে ঈশ্বৰৰ নাম
 প্ৰসিদ্ধ ভৈল অনন্ত॥ ১৬৮
যত বেদবাদী বেদক বিচাৰি
 কৰিতে নপাৰে আদি।
এতেকেসে তান পৰম প্ৰখ্যাত
 হুয়াছে নাম অনাদি॥ ১৬৯
অধম পুৰুষো হৱয় উত্তম
 ভজিয়া যাৰ চৰণে।
পুৰুষোত্তম নামক ধৰিয়া
 আছন্ত এহি কাৰণে॥ ১৭০
ক্ষৰ পদে ইটো দেহক বুলিয়
 অক্ষৰ শবদে ব্ৰহ্ম।


 ১৬৭ ॥ ইন্দ্ৰঃ সুৰৰ্ষিভিঃ সাকং নোদিতো দেৱমাতৃতিঃ।

 অভ্যষিঞ্চত দ্বাশাৰ্হং গোৱিন্দ ইতি চাত্যধাৎ॥

—ভাগৱত-পুৰাণ, ১০.২৭.২৩