পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ১৬৬]
৭২৩
নামৰ অন্বয়

এতেকেসে তাঙ্ক বোলয় মাধৱ
 মহাজন নিৰন্তৰ॥ ১৬৩

জনা পদে মায়া দেৱীক বুলিয়
 ভক্তৰ মায়া মৰ্দ্দন্ত।
এহি হেতুতেসে জনাৰ্দ্দন নাম
 ধৰি আছা ভগৱন্ত॥ ১৬৪

মধুৱতে মায়া উম্মত কৰায়া
 আছা যত জীৱগণ।
ভক্তৰ মায়াক পীড়ন্ত নিমিত্তে
 বুলিয় মধুসূদন॥ ১৬৫

গো পদে বেদ ইন্দ্ৰিয়ক বুলি
 কৰন্ত তাক পালন।
এতেকেসে তাঙ্ক বুলিয় গোপাল
 জানিবাহা মহাজন॥ ১৬৬


 ১৬৩ ॥ মা লক্ষ্মীস্তন্যা ধৱঃ মায়াৰ্ৱিদ্যায়া ধৱ ইতি ৱা।

 জনাং ভক্তস্য মায়ামৰ্দয়তীতি জনাৰ্দনঃ॥

 ১৬৪ ॥ জনয়তীতি জনা মায়া ভক্তস্য তামৰ্ধয়তীতি জনাৰ্দনঃ।

—ভক্তি-ৰত্নাকৰ ৩.২ টাকা


 পা* ১৬৫ ॥ মধুব্বতে—(-পুথি) মধুঅতে। (ছপা) মধুমতী।