এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪]
৬৩
অজামিলোপাখ্যান


হৰি হেন ইটো দুইগুটি অক্ষৰ
 উচ্চাৰিলে একবাৰ।
মোক্ষৰ পথক যাইবাক লাগিয়া
 সিও ভৈল কাছ-পাৰ॥
হৰিৰ নামৰ অনন্ত মহিমা
 কহিবে কাৰ শকতি।
যদি চাৰি মুখে ব্ৰহ্মায়ে কহন্ত
 তভো নুহি সমাপতি॥ ৩৯
কৃষ্ণৰ কিঙ্কৰে ভণিল শঙ্কৰে
 শুনিয়োক সৰ্ব্বজন।
হেন জানি আন  আল-জাল এড়ি
 কৰিয়ো হৰি-কীৰ্ত্তন॥
কোন দিন ইটো শৰীৰ পড়য়
 কেতিক্ষণ নেয় যম।
আউৰ কি সেন্থৰে ভাৰত-ভূমিত
 হৈবাহা মানুষ-জন্ম॥ ৪০
কোটি কোটি জন্ম অন্তৰে যাহাৰ
 আছে মহাপুণ্য-ৰাশি।
সিসি কদাচিত্ত মনুষ্য হোৱয়
 ভাৰতবৰিষে আসি।