পৃষ্ঠা:Kirtan Ghosha.pdf/৭৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ঘােৰা ১৪৯ যিহেতু কৃষ্ণেসে আত্মা এতেকেসে জীৱ-ৰাশি নিৰন্তৰে আনন্দ গভয়। এহি হেতু সৰ্বানন্দ নাম ধৰি আছা হৰি মহাজনে, জানিবা নিশ্চয় ৷ ১৪৯ যিকাৰণে নাৰায়ণে পঞ্চভূতে পঞ্চ-বর্ণ মালা পিন্ধি প্রকাশ কৰন্ত। এহি হেতু নিৰন্তৰে জানিবাহ বনমালী নাম ধৰি আছি। ভগৱন্ত । ১৫০ ঈশ্বৰ-সেৱাৰ সুখ লভিয়া ইন্দ্রিয়-জন্য সুখ জীৱে অধঃকৃত কৰে ৷ এহি কাৰণত সৱে জানিবাহা অষােক্ষ নাম ধৰি আছ দামােদৰে ৷ ১৫১ চৈতন্যত কৰি পৰ মায়াত উপজি জড় আছে তাক ৰমাৱস্ত হৰি। এহিসে কাৰণে জানা পৰম ঈশ্বৰ প্রভু পশুৰাম নাম আছ ধৰি। ১৫২ চৈতন্য শক্তিৰ দ্বাৰে ইটো জড় জগতক মাৱন্ত কর্ম-অনুৰূপে। এতেকেসে ঈশ্বৰৰ পৰম প্রসিদ্ধ ৰাম নাম আক জানিবা স্বৰূপে। ১৫৩ গী ১২ জড়-যই।