পৃষ্ঠা:Kirtan Ghosha.pdf/৭৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ দোয়া ১২২] সাৰনিৰ্ণয় দুঃস্বপ্ন-নাশন ইটো মাধৱ মাধৱ নাম দুষ্ট-গ্ৰহ-ভয়-বিমোচন। পৰম সম্পদ-ৰূপ জানি মাধৱৰ নাম সৰ্বদায়ে কবিয়ো কীৰ্তন || ১১৯ মাধৱেসে আত্মা নিজ মাধৱেসে ইষ্ট গুৰু মাধৱেসে দেৱা পৰম। পৰম ঈশ্বৰ স্বামী জানি মাধৱক ভজা মনুষ্যৰ ইসি নিজ ধৰ্ম্ম। ১২ • পৰম চতুৰ সিসি বুদ্ধিত কুশল আতি যিটো মাধৱৰ গুণ গাৱে। মিছা কলেৱৰগোটে মুকুতি-বাণিজ কৰি ভৱ তৰি মাধৱক পাৱে। ১২১ যিজনে একান্ত চিত্তে মাক ভজি নিতে ফুৰে মাধৱৰ গুণ গাই। দুৰ্লভ অমৃত যেন যিজনে কৰিলে পান মধুৰ পিক আৰ নাই। ১২২ পা ১১৯। সম্পৰূপ—শলকুপ। ১২২। দু••নাই। —দুল আঁত তেল্পি : জ্ঞানে কৰিলন্ত পানি মধুৰ পিৰাফে আশা নাই।