পৃষ্ঠা:Kirtan Ghosha.pdf/৭৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

যে ১১৫] অনুবিতা হৰি-নাম প্ৰেম অমৃত-নিধিক বান্ধি গুপ্ত কৰি থৈল দেৱগণে। দয়ালু শঙ্কৰে পাই তুলি মুদ ভাঙ্গি দিলা সুখে পান কৰে সৰ্বজনে৷ ১১২ হৰিনাম গুপ্ত ভৈল মনুষ্যত পূজা লৈ বুলি ৰঙ্গ কৰে দেৱ সৰ্ব। হেন হৰি-নাম-ধৰ্ম্ম শঙ্কৰে বিদিত কৰি চুৰ কৈলা দেৱতাৰ গৰ্ব। ১১৩ প্ৰশংসা বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সৱে হৰিনামৰ কিঙ্কৰ। হেন জানি যিটোজনে নামৰ কীৰ্ত্তন কৰে সেহিসে পৰম সাধু নৰ॥ ১১৪ অনুমিতা হৰিৰ গৃহৰ দ্বাৰে বেত্ৰৰ প্ৰহাৰ-যোগ্য ব্ৰহ্মা ইন্দ্ৰ আদি দেৱজাক। হেনয় দ্বাৰত বে- প্ৰহাৰ পাইবাৰ যোগ্য হো আমি কমন বৰাক। ১১৫ প্ৰেহাণং পাত্ৰিঃ। মুৰাৰেৱনৰাৰি বৰাকান্ত কে হয়।