পৃষ্ঠা:Kirtan Ghosha.pdf/৭২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০৬
[ঘোষা ৯১
নাম-ঘোষা


পৰম নিপুণসৱে  বুজিয়া শাস্ত্ৰৰ তত্ত্ব
 হৰি-পদ-পঙ্কজে ভজিয়া।
হৰি-কীৰ্ত্তনৰ মহা-  নিৰ্ভৰ আনন্দে মজি
 থাকে সুখে মুকুতি তেজিয়া॥ ৯১
গোৱিন্দৰ নাম-গুণ  কীৰ্ত্তন কৰন্তে জানা
 কিঞ্চিতেকো নাহিকে প্ৰয়াস।
নিজ-গুণ-লুব্ধ হৰি  কীৰ্ত্তন কৰন্তে আসি
 হৃদয়তে হোৱন্ত প্ৰকাশ॥ ৯২
যিসৱ চতুৰ নৰে  মাধৱৰ নাম-গুণ
 কীৰ্ত্তন কৰন্ত সাৱধানে।
দেৱৰো দেৱতা হৰি  তাহাৰ হৃদয় এৰি
 যাইবাক নপাৰা আন থানে॥ ৯৩
যিটো দেৱ ভগৱন্ত  বেদে যাক নজানন্ত
 তেন্তে নিজ কীৰ্ত্তনত বশ্য।
জানি মাধৱৰ নাম  কীৰ্ত্তন কৰিয়ো সদা
 ইটো সৱে শাস্ত্ৰৰ ৰহস্য॥ ৯৪


৯২॥ প্ৰগায়তঃ,স্ববীৰ্যাণি তীৰ্থপাদপ্ৰিয়প্ৰৱাঃ।
 আহ্লত ইৱ মে শ্ৰীঘ্ৰং দৰ্শনং বাতি চেতসি॥
৯৩॥ যে ও ত্বদীয়চৰণাম্বুজকোশগন্ধং
 জিঘ্ৰন্তি কৰ্ণৱিম্বৰৈঃ শ্ৰুতিৱাতনীতং।
 ত্যক্ত্বা গৃহীতচৰপৰতয়া চ তেষাং
 নাপৈৰি নাথ, হৃদয়াম্বুৰুহাৎ স্বপুংসামু॥


পা ৯১॥ নিৰ্ভৰ-নিৰ্ভয়।
 ৯৩॥ তাহাম-তাহান। আন -একো।