পৃষ্ঠা:Kirtan Ghosha.pdf/৭২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ঘোষা ৯০]
৭০৫
মহিমা


এক ক্ষণমানে মাত্ৰ  কেৱল সাধুৰ সঙ্গে
 হোৱে নাৱ ভৰ তৰিবাৰ॥৮৭

হৰি-কীৰ্ত্তনৰ মহা- আনন্দ-সুখক আশে
 কতো কতো সৱ মহাজনে।
মুকুতি-সুখকো তেজি মহন্তজনৰ সঙ্গ
 খোজে আতি কৃষ্ণৰ চৰণে॥ ৮৮

কিন্তু ইটো মহাধৰ্ম্ম মাধৱৰ জন্ম-কৰ্ম্ম
 বেদে যাৰ নজানে মহিমা।
হৰি-নাম-কীৰ্ত্তনত  মিলে মোক্ষ আদি যত
 কীৰ্ত্তন-সুখৰ নাহি সীমা॥ ৮৯

মধুৰৰো সুমধুৰ হৰিৰ কীৰ্ত্তন-ৰস
 মঙ্গলৰো পৰম মঙ্গল।
এতেকেসে মুকুতিকো  তেজি হৰি-গুণ গায়া
 ফুৰে মহা মহন্তসকল॥ ৯০


৮৭॥ ইচ্ছসি চেত্ত্বং ভৱভয়ভঙ্গং কুৰু সততং সৎসাথোঃ সঙ্গং।
 ক্ষণৰপি সজ্জনসঙ্গতিৰেকা ভৱতি ভৱাৰ্ণৱতৰণে নৌকা॥
 মোহ-মুদ্গৰ (ভক্তি-ৰত্নাকৰ)
৮৮॥ ত্বৎকথামৃতপাথোধৌ বিহৰন্তো মহামুদঃ।
 কুৰ্ৱন্তি কৃত্তিনঃ কেচিচ্চতুৰ্ৱৰ্গং তৃমোপনম॥
 - শ্ৰীধৰস্বামী, ভাগৱত-ভাৱাৰ্থ-দীপিকা, ১০,৮৯,২৯


পা ৮৯॥ কিন্তু ইটো-কীৰ্ত্তনতো।