পৃষ্ঠা:Kirtan Ghosha.pdf/৭২২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ঘোষা ৮৩]
৭০৩
অনুনাথনা


হৃদি-স্থিত হুয়া তুমি যেন কৰাবাহা স্বামী
 হৃষীকেশ কৰিবো তেনয়॥ ৮১

নজানোহো আৱাহন নজানোহো বিসৰ্জ্জন
 পূজা মন্ত্ৰ নজানো কিঞ্চিত।
এতেকে পৰমেশ্বৰ দাস ভৈলো চৰণৰ
 মোৰ গতি সাধিবে উচিত॥ ৮২

অনুনাথনা


তোহ্মাৰেসে অবিদ্যায়ে  আহ্মাক মুহিলে হৰি
 নজানোহো তোহ্মাৰ তত্ত্বক।
তোহ্মাৰ চৰণে হৰি শৰণ পশিয়া সাৰ,
 কৰিলোহো তোহ্মাৰ নামক॥ ৮৩


৮১॥ জানামি ধৰ্মং ন চ মে প্ৰবৃত্তি-
 ৰ্জানাম্য়ধৰ্মং ন চ মে নিবৃত্তিঃ।
 ত্বয়া হৃষীকেশ হৃদিস্থিতেন
 যথা নিযুক্তোহন্মি তথা কৰোমি॥
 -পাওৱী-গীতা
৮২॥ আৱাহনং ন জানামি ন জানামি ৱিসৰ্জনং।
 পুজামন্ত্ৰং ন জানামি ত্বং গতিঃ পৰমেশ্বৰ॥
৮৩॥ ত্বদীক্ষশৱশক্ষোতমায়াবোধিতকৰ্মভিঃ।
 জাতান্ সংসৰতঃ খিন্নান্ মৃহৰে পাহি নং পিতঃ॥
 শ্ৰীধৰস্বামী, ভাগৱত-ভাৱাৰ্থ-দীপিকা, ১০,৮৭,২৯


পা  ৮৩॥ অবিদ্য়ায়ে-মহিমায়ে।