পৃষ্ঠা:Kirtan Ghosha.pdf/৭২০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ঘোষা ৭৭]
৭১
প্ৰাৰ্থনা


অপৰাধ-বিনাশন তযু নাম নাৰায়ণ
 জানি নামে পশিলো শৰণে
 আন গতি নাহিকে মৰণে।
অপৰাধ ক্ষমা কৰি তুমি দায়াশীল হৰি
 মোক ৰক্ষা কৰিয়ো চৰণে॥ ৭৫

হে কৃষ্ণ হে বাসুদেৱ দৈৱকী-নন্দন হৰি
 নামো নন্দ গোপৰ কুমাৰ।
কৃপাময় শ্ৰীগোৱিন্দ তবু পদ-অৰৱিন্দ
 কৰো মই লক্ষ নমস্কাৰ॥ ৭৬

পদ্ম সম নাভি যাৰ প্ৰণামোহো বাৰম্বাৰ
 নমো দিব্য পদ্ম-মালা-ধাৰী।
নমো পদ্ম-সম-নেত্ৰ পদ যাৰ শতপত্ৰ
 নমো ভকতৰ ভয়-শাৰী॥ ৭৭


৭৬। কৃষ্ণায় ৱাসুদেৱায় দেৱকীনন্কাদনায় চ।
 নন্দগোপকুমাৰায় গোৱিন্দায় নমো নমঃ॥
 -ভাগৱত-পুৰাণ,১,৮,২১
৭৭॥ নমঃ পঙ্কজনাভাৱ নমঃ পঙ্কজমালিনে।
 নমঃ পঙ্কজনেত্ৰায় নমস্তে পঙ্কজাঙ্ঘ্ৰয়ে॥
 ভাগৱত-পুৰাণ, ১,৮,২১


পা ৭৬-৮২।-(১৩৯ ঘোষাৰ পিছত ৬০-৬১ -ঘোষা,তাৰ পিছতহে এই কেইটি ঘোষা।)