এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৪ ]
৬১
অজামিলোপাখ্যান


আন ধৰ্ম্ম এড়ি হৰি-নাম স্মৰি
 সুখে পাৱে যেন গতি।
অনেক প্ৰবন্ধে সমস্ত ধাৰ্ম্মিকে
 নপাৱে তাক সম্প্ৰতি॥
সদায় কৃষ্ণক স্মৰিয়ো ক্ষণিকো
 নপাসৰিবাহা নৰ।
যত মহাপাপ যত মহাপুণ্য
 ইদুইৰ সৱে কিঙ্কৰ॥ ৩৪
দোষৰ নিদান কলিযুগ আত
 এক মহা গুণ আছে।
কেৱল কীৰ্ত্তনে সংসাৰৰ বন্ধ
 এড়াই মোক্ষ পাৱে পাছে॥
হৰিৰ নামেসে নামেসে নামেসে
 জীৱন আৱে আমাৰ।
কলি-যুগে আন  নাই গতি নাই
 নাই জানা সাৰে সাৰ॥ ৩৫
আউৰ বেদাগম বিস্তৰ শাস্ত্ৰত
 নাহি কিছু প্ৰয়োজন।
ধৰ্ম্মক আশায়ে অনেক তীৰ্থক
 কি কাৰ্য্য়ে কৰা গমন ॥