পৃষ্ঠা:Kirtan Ghosha.pdf/৭১৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯৮
[ঘোষা ৬২
নাম-ঘোষা


তুমি ভক্ত-কল্পতৰু  বাহিৰে ভিতৰে গুৰু
 তুমি বিনে নাহি মোৰ আৰ।
কৃপা কৰা হে হৰি  চৰণত ৰক্ষা কৰি
 দিয়ো মোক সেৱা-ৰস-সাৰ॥৬২
তুমি হৰি কৃপাময়  বাহিৰত গুৰু-ৰূপে
 অনুগ্ৰহ কৰি আছা মোক।
অন্তৰ্যামী গুৰু ৰূপে  তাকে সত্য কৰা মোৰ
 তযু নামে সদা ৰতি হৌক॥ ৬৩
হে ভগৱন্ত গুৰু  তযু পদে মন মোৰ
 যিকালত থিতিক লভয়।
তোহ্মাৰ কৃপাত তেৱে  সমস্তে সাধন-শ্ৰম
 এৰাই সুখী হুইবোহো নিশ্চয়॥ ৬৪
হে প্ৰভু নৰহৰি  তোহ্মাৰ চৰণ দুই
 প্ৰেমভাৱে স্মৰণ-দুৰ্ল্লভ।
যথাকথঞ্চিত-ৰূপে  অহৰ্নিশে প্ৰভু মোৰ
  সুমৰণ হুয়োক সুলভ॥ ৬৫


৬। যদা পৰানন্দগুৰো ভৱৎপদে পদং মনো মে ভগৱল্লভেত।
 তদা নিৰন্তাখিলসায়নশ্ৰমঃ শ্ৰয়েয় সৌখ্যং ভৱতঃ কৃপাতঃ॥
 --শ্ৰীধৰস্বামী, ভাগৱত-ভাৱাৰ্থ- দীপিকা, ১০.৮৭.৩৩
৬৫॥ চৰণস্মৰণং 'প্ৰেম্ণা তৱ দেৱ সুদুৰ্লভম্।
 যথা কথঞ্চিন্নুহৰে মম ভুয়াদহৰ্নিশম্॥
 শ্ৰীধৰস্বামী, ভাগৱত-ভাৱাৰ্থ-দীপিকা,১০.৮৭.২৩


পা ৬২॥ ভক্ত-হৰি।