পৃষ্ঠা:Kirtan Ghosha.pdf/৭১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৬১]
৬৯৭
প্ৰাৰ্থনা


যেন জীৰ্ণ গাই সিটো  দুৰ্ঘোৰ সংসাৰ-মহা-
 পঙ্কে পৰি হোৱয় মগন॥ ৫৮
হৰি-নাম ধ্বজ কৰি বেদ-পথ পৰিহৰি
 ফুৰে আতি পাষণ্ডসকল।
ইহ-পৰলোকে ভ্ৰষ্ট  হুয়া পেট পুষি মাত্ৰ
 ফুৰে আতি পৰম নিষ্খল॥ ৫৯

প্ৰাৰ্থনা

তুমি চিত্ত-বৃত্তি মোৰ প্ৰৱৰ্ত্তক নাৰায়ণ
 তুমি নাথ মঞি নাথৱন্ত।
চৰণ-ছত্ৰৰ ছায়া দিয়া দূৰ কৰা মায়া
 কৰা দায়া মোক ভগৱন্ত॥ ৬০
তুমি মোৰ অন্তৰ্য্যামী  তযু ভৃত্য ভৈলো আমি
 জানি কৃপা কৰা হৃষীকেশ।
দান্তে তৃণ তুলি লঞোঁ  যিমতে সেৱাত ৰঞোঁ
 দিয়ো মোক সেহি উপদেশ॥ ৬১


৫৮॥ ভোগৈশ্বৰ্যনদোদ্মত্তস্তত্ত্বক্জ্ঞানপৰাঙ্মুখঃ
 সংসাৰাখো মহাপঙ্কে জীৰ্ণা গৌৰিৱ মজ্জতি॥
৫৯॥ হৰেৰ্নাম ধ্বজীকৃত্য ত্য়ক্তা ৱৈ ৱেদপদ্ধতিং।
 শিশ্নোদৰপৰো ভ্ৰষ্টাঃ স ইহামুত্ৰ নংক্ষ্য়তি॥


পা° ৫৯॥ আতি-কতো।
 ৬০॥ চিত্ত-বৃত্তি-চিত্ত-বিত্ত।
 ৬০-৬৩॥- (১৩৯ ঘোষাৰ পিছত আছে।)