পৃষ্ঠা:Kirtan Ghosha.pdf/৭০৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮৬
[ঘোষা ২৩
নাম-ঘোষা


ৰাম-কৃষ্ণ-হৰি-নাম সৰ্ব্ব-ধৰ্ম্ম-অনুপাম
 সকল নিগম-তত্ত্ব-সাৰ
 যাত পৰে ধৰ্ম্ম নাহি আৰ।
হেন নাম নুসুমৰি কমন ভাৰসা কৰি
 ৰৈয়া আছা ভৰ তৰিবাৰ॥ ২৩

বিষ্ণু-পাদোদক গঙ্গা মহেশে সহিতে ইটো
 জগতকে পৱিত্ৰ কৰয়।
হেন কৃষ্ণ বিনে কোন ভগৱন্ত হেন ইটো
 শবদৰ স্বৰূপ আছয়॥ ২৪

পুণ্য-অৰণ্যৰ মাজে মাধৱৰ নাম-সিংহ
 প্ৰকাশ কৰয় আতি বড়ে।
যাৰ ধ্বনি শুনি ভয়ে{{gap|3em}মহাপাপ-হস্তীচয়
 পলায় আতি ত্ৰাসত লৱড়ে॥ ২৫

আপুনি আপুন বন্ধু আপুনি আপুন শত্ৰু
 আপুনি আপুন ৰাখে মাৰে।


২৪॥ তথাপি যৎপাদনখাৱসৃষ্টং জগদ্বিৰিঞ্চোপহৃতাৰ্হাশান্তঃ।
সেশং পুনাত্যন্যতমো মুকুন্দাৎ কো নাম লোকে ভগৱৎপদাৰ্থঃ॥

—ভাগৱত-পুৰাণ, ১.১৮.২১

২৫॥ পুণ্যাৰণে নৃসিংহৈকনামসিংহো ৱিৰাজতে।
বন্নাদতঃ পলায়ন্তে মহাকল্মষকুঞ্জৰাঃ॥