পৃষ্ঠা:Kirtan Ghosha.pdf/৭০৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ২২]
৬৮৫
উপদেশ

কৃষ্ণৰ চৰণে চিত্ত দিয়া মোক্ষ-আদি ৰসে
 ৰতি আৰ নকৰয় মনে॥১৯

কৃষ্ণৰ নামক সদা কীৰ্ত্তন কৰয় যিটো
 মনে দৃঢ় কৰিয়া নিশ্চয়।
নিষ্কাম হোক বা যদি সকাম হোৱয় তাক
 কদাচিতে কলি নবাধয়॥২০

চাণ্ডাল পৰ্য্যন্ত কৰি জগতৰ উপকাৰী
 নাহি নাম-গুণ বিনে আন৷
সেহিসে কাৰণে হৰি নিজ-যশ-প্ৰিয় ভৈস
 ভগৱন্ত ভকতৰ প্ৰাণ॥২১

যিহেতু চৈতন্য-পূৰ্ণ পৰমাত্মা-ৰূপে হৰি
 হৃদয়ত আছন্ত প্ৰকাশি।
তাতেসে ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন
 প্ৰৱৰ্ত্তে যতেক জড়ৰাশি॥২২


১৯। ভক্তিং লব্ধৱতঃ সাধো কিমন্যদৱশিষ্যতে।
 পীত্বা পীয়ুষমমৃতং পাতব্যং নৱশিষ্যতে॥
২। অহো বাঢ়ং হৰেনাৰ্ম কীৰ্তয়ন্তি চ যে নৰাঃ।
 নিষ্কামো সকামো বা ন কলিবাৰ্ষতে কচিৎ॥

—বৃহন্নাৰদীয়-পুৰাণ, ৩৮.৯৯