পৃষ্ঠা:Kirtan Ghosha.pdf/৭০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঘোষা ৮]
৬৮১
উপদেশ


যিটোজনে শুদ্ধভাৱে  হৰিত শৰণ লৈয়া
 হৰিক সুহৃদ বুলি আছে।
হৰিৰ প্ৰসাদে সিটো  বিঘ্নিৰ মুণ্ডত ভৰি
 দিয়া হৰি-গুণ গায়া নাচে॥ ৬

সকল নিগমে লতা  তাৰ অবিনাশী ফল
 কৃষ্ণ-নাম চৈতন্য-স্বৰূপ।
সুমধুৰ সুমঙ্গল  শ্ৰদ্ধায়ে হেলায়ে লৈয়া
 নৰ মাত্ৰ তৰে ভৱ-কূপ॥ ৭

অব্যক্ত ঈশ্বৰ হৰি কিমতে পূজিবা তাঙ্ক
 ব্যাপকত কিবা বিসৰ্জ্জন।
এতাৱন্ত মূৰ্ত্তিশূন্য  কেনমতে চিন্তিবাহা
 ৰাম বুলি শুদ্ধ কৰা মন॥ ৮


৬। তথা ন তে মাধৱ তাৱকাঃ কচিৎ
ভশ্যন্তি মাৰ্গাৎ ত্বয়ি বন্ধ-সৌহৃদাঃ৷
ত্বয়াভিগুপ্তা ৱিচৰন্তি নিৰ্ভয়া।
ৱিনায়কানীকপমুৰ্ধসু প্ৰভো৷৷
 ভাগৱত-পুৰাণ ১০,২,৩৩

৭। মধুৰমধুৰমেতন্মঙ্গলং মঙ্গলানাং
সকলনিগমৱল্লীসৎফলং চিৎস্বৰূপং।
সকৃদপি পৰিগীতং শ্ৰদ্ধয়া হেলয়া ৱা
তুগুৱৰ নৰমাত্ৰং তাৰয়েৎ কৃষ্ণনাম।
 প্ৰভাস-পুৰাণ

৮৷ অৱ্যক্তস্য কথং পুজা ব্যাপকে কিং ৱিসৰ্জনম্৷।
অমুতত্বাৎ কথং ধ্যানং নামমাত্ৰাৎ শুচিৰ্ভৱেৎ।