এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৫৯
অজামিলোপাখ্যান

সংসাৰ-দুৰ্ল্লভ  হেন হৰি-নাম
 হেলাতে কতো নলৱে॥ ২৯

হৰিৰ নামৰ  গোপ্য মহিমাক
 পূৰ্ব্বতো অগস্তি ঋষি।
মলয়া গিৰিত  বিষ্ণুক অৰ্চ্চন্তে
 কহিলা মোত হৰিষি॥
নাহি কাল দেশ  নিয়ম ইহাত
 অশৌচতো নাহি দোষ।
শয়নে ভোজনে  সদা হৰি বোলা
 এড়িয়া আন আক্ৰোশ॥ ৩০

হৰি হেন ইটো  দুইগুটি অক্ষৰ
 জিহ্বা-অগ্ৰে থাকে যাৰ।
গঙ্গা গয়া কাশী  প্ৰয়াগ সেতুক
 যাইবাক লাগে তাৰ॥
কৃষ্ণৰ কিঙ্কৰে  ভণিলা শঙ্কৰে
 এড়া সৱ আন কাম।
আল জাল এড়ি পাপক সংহৰি
 ডাকি বোলা ৰাম ৰাম॥ ৩১