পৃষ্ঠা:Kirtan Ghosha.pdf/৬৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নমস্কাৰ

মৎস্য কুৰ্ম্ম নৰসিংহ বামন পৰশুৰাম
 হলীৰাম বাৰাহ শ্ৰীৰাম।
বুদ্ধ কল্কি নামে দশ  আকৃতি ধৰিছা কৃষ্ণ
 তযু পাৱে কৰোহো প্ৰণাম॥ ৩

উপদেশ

একান্ত ভকতসৱে নিৰ্গুণ কৃষ্ণৰ গুণ
 গাৱে সদা বসিয়া যথাত।
বৈকুণ্ঠক পৰিহৰি  যোগীৰো হৃদয় এৰি
 থাকা হৰি সাক্ষাতে তথাত॥ ৪
কৰ্ম্মত বিশ্বাস যাৰ  হিয়াত থাকন্তো হৰি
 আতিশয় দূৰ হোন্ত তাৰ।
 দূৰতো বিদূৰ হোন্ত তাৰ॥
অহঙ্কাৰ থাকন্তেও  সাক্ষাতে কৃষ্ণক পাৱে
 শ্ৰৱণ কীৰ্ত্তন ধৰ্ম্ম যাৰ॥ ৫


৪॥ নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাং হৃদয়ে ন চ৷
 মদ্ভক্তা যত্ৰ গায়ন্তি তত্ৰ তিষ্ঠামি নাৰদ॥

৫॥ হৃদিস্থোহপ্যতিদুৰস্থঃ কৰ্মৱিক্ষিপ্তচেতসাম৷৷
 আত্মশক্তিভিৰগ্ৰাহ্যোহপ্যন্ত্যপেতগুণাত্মানাম্॥
 --ভাগৱত পুৰাণ, ১০,৮৬,৪৭