পৃষ্ঠা:Kirtan Ghosha.pdf/৬৯১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭৮
[পৰিশিষ্ট ৩
কীৰ্ত্তন-ঘোষা


মই এড়িবাৰ ডৰে একো নুবুলিলা।
এতেকে ৰুক্মিণী মোক তুমিসে জিনিলা। ৪১
শুনা সভাসদ ভাগৱত আন এৰি।
প্ৰেম-ভকতিত তুষ্ট ভৈলা দেৱ হৰি॥
মিছা গৃহবন্দীশালে পড়িয়া নমৰা।
মাধৱত প্ৰেম-ভক্তি কৰি সুখে তৰা॥ ৪২
হেন জানি এৰা সৱে ভাষ-ভুষ কাম।
পাতক চাড়োক ডাকি বোলা ৰাম ৰাম॥৪৩

 

ৰুক্মিণীৰ প্ৰেম-কলহ সমাপ্ত॥৩॥