পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭৬
[পৰিশিষ্ট ৩
কীৰ্ত্তন-ঘোষা


এহি বুলি কেশ মেলি চৰণ মুচিলা।
চাৰি হাত মেলি হৰি আশ্বাসি বুলিলা॥
কৃষ্ণৰ কিঙ্কৰে কহে শঙ্কৰে প্ৰলাপ।
হৰি হৰি বুলি তৰা সংসাৰৰ তাপ॥ ৩১


চতুৰ্থ কীৰ্ত্তন

ঘোষা॥ ৰাঘৱৰ অভয় চৰণে।
 সত্যে সত্যে পশিলো শৰণে॥ ৪


পদ॥ মাধৱ বদতি সাধু সাধু মহাসতী।
 যতেক বুলিলা মানে স্বৰূপ যুগুতি॥
 এহি তযু বচন শুনিবে অভিলাষ।
 এতেকে তোমাক কৰিলোহো পৰিহাস॥ ৩২
 একান্ত ভকত তুমি শুনিয়ো কল্যাণী।
 যেন যেন কাম মোত বাঞ্ছিলা আপুনি॥
 সকলে তোমাত আছে নাহিকে সংশয়।
 কিন্তু মোক্ষ-হেতু হৈবা বুলিলো নিশ্চয়॥ ৩৩
 তোমাৰ স্বামীত প্ৰেম জানিলো আপুনি।
 আৱে তযু নাম পতিব্ৰতা আছে বাণী॥
 এতেকে বচনে তযু ছলিলো মনক।
 তভো মোক তেজি মন নগৈল আনক॥ ৩৪
 ধন্য় ধন্য় ৰুক্মিণী তুমিসি পতিব্ৰতা।
 পৰম সুন্দৰী সৰ্ব্ব গুণে অনিন্দিতা॥