পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ১]
৬১৯
ৰুক্মিণীৰ প্ৰেম-কলহ


আৰো মই নকৰো লোকৰ সদাচাৰ।
নাৰীত বিস্তৰ মোৰ নাহিকে আদৰ॥৪
সিসৱৰ আচাৰ নুবুজে একোজন।
স্ত্ৰীৰ পৰাধীন নোহে যিটো নৰগণ॥
তাহাক ভজিলে দুঃখ পাৱে নাৰীগণে।
মই সেহিনত বৰিলাহা কোণ গুণে॥৫
এতেকে ৰুক্মিণী নুগুণিলা চিৰকাল।
বিশেষ নুবুজি বিচাৰিলা গুণ ভাল॥
সৰ্ব্ব-গুণ-হীন মোক বৰিলা সুন্দৰী।
তোমাৰ সমান মই হৈবো কেন কৰি॥ ৬
কি কৰি বুৰালা আগ-পাছ নুগুণিলা।
পিতৃ মাতৃ ভ্ৰাতৃৰ বচন নুশুনিলা॥
প্ৰলয়-জলৰ বাট-পথ নাহি ভালে।
আমি স্বামী ভৈলে সুখ নাহি কোনো কালে॥৭
তোৰ ভাই কল্প শিশুপাল জৰাসন্ধ।
সিসৱাৰ মদ-গৰ্ব্ব কৰিবাৰ অন্ত॥
সিকাৰণে ৰুক্মিণী আনিলো তোক হৰি।
যৈকে ইচ্ছা তুমি তৈকে যোৱা শীঘ্ৰ কৰি ॥ ৮
দিলোহো বিদায় তুমি যথা লাগে যৱা।
তোমাৰ সদৃশ বৰ বিচাৰিয়া লৱা॥
বিদায় দিবাৰ হেন শুনিলা ৰুক্মিণী।
বিমুৰ্চ্ছিত হুয়া ঢলি পৰিলা ধৰণী॥ ৯
শোকৰ জালত দগ্ধ ভৈল কলেৱৰ।
হাতৰ পৰিল খসি শুক্ল যে চামৰ॥

৪৩