পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৬৬৯
ধ্যান-বৰ্ণল


ধ্বজ বজ্ৰ পদ্ম ৰৱ।
দেখি চিহ্ন মহোৎসৱ॥
হেনৰূপে দামোদৰ।
হৃদয়ৰ অভ্যন্তৰ॥ ৪৩
আছন্ত জগত-বাপ।
দৰশনে হবে তাপ ॥
তত্ত্ব-বাণী হেন জানি।
চিন্তিয়োক চক্ৰপাণি॥ ৪৪
বৃথা কথা পৰিহৰা।
হৰি-গুণ-নাম ধৰা॥
ক্ষণিক অথিৰ কায়।
প্ৰাণ কেতিক্ষণে যায়॥ ৪৫
তথাপি চেতন নাই।
কেনে আছা বাট চাই॥
জ্ঞান-শূন্য় মতি-হীন।
কহয় মাধৱ দীন॥ ৪৬
কলি-যুগে গতি নাম।
জানি তেজা আন কাম॥
কৰি মন উপশাম।
ডাকি বোলা ৰাম ৰাম ॥ ৪৭

 

ধ্যান-বৰ্ণন সমাপ্ত॥ ২॥