এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৩]
৫৭
অজামিলোপাখ্য়ান


ভাৰ্য্যাক পুত্ৰক পুষিবে যতনে
 এড়ে ত্ৰিজগত-পতি॥
বিষ্ণুৰ চৰণ নিচিন্তি সদায়ে
 ধনকেসে কৰে ধ্যান।
সিটো পাতকীক সুধিবে নলাগে
 যাতনাক লাগি আন॥ ২৫
কৃষ্ণ-কথা এড়ি সাতে-পাঞ্চে বেঢ়ি
 আন কথা কই থাকে।
অমৃতক এড়ি যেন বিষ্ঠা ভুঞ্জে
 গৰু শূকৰৰ জাকে॥
সিটো পাপীসৱ দৈৱে ভৈল হত
 চিন্তে আপুনাৰ মাৰ।
উপজি মৰিবে যাতনা ভুঞ্জিবে
 নাহিকে তাৰ নিস্তাৰ॥ ২৬

বিষ্ণুৰ নামৰ মহিমা শুনিয়া
 দূতগণ গৈল ডৰি।
হৰি-ভকতক দেখিবাক প্ৰতি
 ডৰায় সেহিদিন ধৰি॥


পা ২৬॥ গৰু-গাৰি, গৱিৰ