পৃষ্ঠা:Kirtan Ghosha.pdf/৬৭৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭]
৬৬৫
ঘুনুচা-কীৰ্ত্তন


এহিমানে কৃপা কৰা প্ৰভু দেৱ হৰি।
নমাে নমাে কৃষ্ণ তযু চৰণত ধৰি৷৷ ১৭৬
শ্ৰীধৰ কন্দলি কহে কৃষ্ণৰ বিজয়।
আক এক মনে যিটো শুনয় ভণয়৷৷
কৃষ্ণৰ বিজয় ইটো শুনা ৰঙ্গ মনে।
ৰাম কৃষ্ণ বুলি চলা বৈকুণ্ঠ-ভুৱনে ॥ ১৭৭

ঘুনুচা-কীৰ্ত্তন সমাপ্ত ॥১॥


যেনমতে তৰো ইটো দুৰ্ঘোৰ সংসাৰ।
সেহিমতে কৰা কৃপা লক্ষ্মীৰ ঈশ্বৰ৷৷
তযু ভকতৰ সঙ্গ সদা নুগুচোক।
এহি অনুগ্ৰহ নাথ কৰিয়ােক মােক৷৷
শ্রীধৰ কন্দলি কহে কৃষ্ণত বিজয়।
ৰাম নাম বুলি চলা বৈকুণ্ঠ-নিলয়।

 ঘুনুচা যাত্রা সমাপ্ত॥
যথা দৃষ্টং তথা লিখিতং।
লেখকে নাস্তি দুষণং।
ভীমস্যাপি ৰণে ভঙ্গঃ।
মুনীনাঞ্চ মতিভ্ৰমঃ৷
শ্ৰীগুৰুচৰণত সেৱা॥