পৃষ্ঠা:Kirtan Ghosha.pdf/৬৭২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৭ ]
৬৫৯
ঘুনুচা-কীৰ্ত্তন


দ্বাৰ ছাড়ি দিয়ন্তোক দৌল লাগি যাওঁ।
ঘোৰ ৰৌদ্ৰ বৃষ্টি বাতে বৰ দুঃখ পাওঁ॥ ১৪৭

পৰিচাৰ বাক্য হেন শুনি লক্ষ্মী মাৱে।
গালে হাত দিয়া বসিলন্ত লজ্জা-ভাৱে॥
কিনো মই মন্দ নাৰী বোলাইলো জগতে।
যাদৱাৰ গুণে দুঃখ পাইল জেঠালতে॥ ১৪৮

মই আজি লজ্জা পাইলো যাদৱাৰ গুণে।
জেঠালেতো মোক ভাল নুবুলিবে মনে॥
যি হৌক সি হৌক পাছে দ্বাৰ দিয়ো মেলি।
বলোত জনাইলা কথা কৰি কৃতাঞ্জলি॥ ১৪৯

তোমাক যাইবাক দ্বাৰ দিলা লক্ষ্মী মাৱ।
শুনি বলভদ্ৰ ভৈল আনন্দিত-ভাৱ॥
তাৱক্ষণে বলভদ্ৰ গৈলা অভ্যন্তৰে।
থাকিলন্ত বলভদ্ৰ আপুনাৰ ঘৰে॥ ১৫০

বলভদ্ৰ কথা আৱে এহি মানে থওঁ।
শুনা আতপৰে কথা যেন ঠান কওঁ॥
অনন্তৰে মনে বিমৰিষি যদুৰায়।
পুনৰপি পৰিচাক দিলন্ত পঠাই॥ ১৫১

শীঘ্ৰ বেগে পাণ্ডা গৈয়া হুৱা অৱনত।
কৰপুট কৰি কহে লক্ষ্মীৰ আগত॥


পা ১৪৯॥ পাছে দ্বাৰ দিলা মেলি।—দ্বাৰ মেলি দিয়ো যাই।
 আসন্তোক জেঠাল জে আপোনাৰ ঠাই।
 তাৱক্ষণে পৰিচায়ে দ্বাৰ দিলা মেলি।