এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ৬]
৬৪৯
ঘুনুচা-কীৰ্ত্তন
হেন বাণী বুলি ঘুনুচা সুন্দৰী
কৃষ্ণৰ পড়িয়া পাৱে।
হুমহুম কৰি কান্দিবে লাগিলা
মনে অসন্তোষভাবে॥ ১০৩
নয়নৰ জলে তিয়াইল সকলে
প্ৰভুৰ দুই চৰণ।
দেখি দেৱ হৰি ঘুনুচাক ধৰি
বুলিলা মৃদু বচন॥
মাধৱে বোলন্ত ঘুনুচা সুন্দৰী
এড়া অসন্তোষ ভাৱ।
তুমি মোৰ জায়া আতি মোৰ দায়া
আসি আছো তযু ঠাৱ॥১০৪
লক্ষ্মীও যেনয় তুমিও তেনয়
নাহি কিছু ভিন্ন-ভাৱ।
লক্ষ্মীৰ পাশত থাকো যেন মত
থাকোহো তোমাৰ ঠাৱ॥
লক্ষ্মীৰ যতেক ধন জন গৃহ
সৰ্ব্বস্ব দৌল ভণ্ডাৰ।
আনো বস্তু যেন এহি নগৰত
সমস্ত আছে তোমাৰ॥ ১০৫
সৰ্ব্বকালে মোৰ তোমাকেসে স্নেহ
লক্ষ্মীতো কৰি অধিক।
হেন জানি সতী হুয়ো শান্ত-মতি
অসন্তোষ কৰা কিক॥