এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
[খণ্ড ৫
কীৰ্ত্তন-ঘোষা

ব্ৰহ্মা হৰ মনু কপিল কুমাৰ
 শুক ভীষ্ম বলিৰায়॥
প্ৰহ্ৰাদ নাৰদ জনক আমিসি
 বাহ্ৰজন সমুদায়॥ ১৮
পৰম গুপুত হৰি-নাম-ধৰ্ম্ম
 জানি আছো শুদ্ধভাৱে।
যাক আচৰিলে থাৱতে বসিয়া
 দুৰ্ল্লভ মুকুতি পাৱে॥
হৰিত ভকতি কৰে সৰ্ব্বদায়
 কৰিয়া কীৰ্ত্তন-কৰ্ম্ম।
মনুষ্য-লোকত এহিমানে মাত্ৰ
 পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম॥ ১৯
হৰি-নাম-ধৰ্ম্ম স্মৰণ-মহিমা
 দেখিয়ো দূত সম্প্ৰতি।
পাপী অজামিলে নাৰায়ণ বুলি
 পাইলে কেন সদগতি॥
হেন বিমৰিষি যিটো জ্ঞানীগণে
 ফুৰে হৰি-নাম গায়।
কুল উদ্ধাৰিল আপুনো তৰিল
 এড়াইল আমাৰ দায়॥ ২০