পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩২
[ পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা

বাৱে ঢাক ঢোল তেৰী মৃদঙ্গ খঞ্জৰী।
তাল কৰতাল বাৱে কৃষ্ণক আৱৰি॥
খোল ৰুদ্ৰ-কবিলাস বাৱে স্বৰ তুলি।
উৎসৱ কৰিয়া বাৱে জয় কৃষ্ণ বুলি॥ ৩৩
জুমা-জুমি কৰি গাৱে কৃষ্ণৰ কীৰ্ত্তন।
উৰুলি-জোকাৰ ৰঙ্গে দেই ঘনে ঘন॥
ভকতিৰ প্ৰেম-ৰসে কেহো নৃত্য কৰে।
চাপৰি চাপৰি কতো জুপি জুপি ফুৰে॥ ৩৪
লৱড়া-লৱড়ি কৰি চাৱে আগ-পাছ।
উৎসুকে কীৰ্ত্তন কৰে ধৰি নানা কাছ॥
কেহো ধূপ দীপক জালিয়া হাতে লয়।
ভেৱ পাৰি পাৰি আতি আনন্দে নাচই॥ ৩৫
সিঞ্চে কেহো ফাঙ্কু-গুণ্ডা দুৰ্ব্বাক্ষত মাথে।
কীৰ্ত্তন কৰিয়া নাচে উপৰক হাতে॥
এহিমতে প্ৰজাগণ হুয়া ৰঙ্গ মন।
উৎসৱ কৰিয়া কৰে কৃষ্ণৰ কীৰ্ত্তন॥ ৩৬
ইন্দ্ৰৰ ভুৱনে শুনি ধ্বনি কীৰ্ত্তনৰ।
যাত্ৰা-মহোৎসৱ কি কহিবো যাদৱৰ॥
নাহি নুপঞ্জিব হেন যাত্ৰা-মহোৎসৱ।
হেন জগন্নাথ প্ৰভু হুয়াছে উদ্ভৱ॥ ৩৭
অনস্তৰে পৰিচায়ে কৃষ্ণত জনাইলা।
আগ বাঢ়িবাক ঘুনুচাৰ পাণ্ডা আইলা॥
হেন শুনি অতি মহাৰঙ্গ ভৈলা দেৱ হৰি।
চলিল শকটখান ঠক ঠক কৰি॥ ৩৮