পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩০
[পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা


লৱড়া-লৱড়ি কৰি চলে দূতগণ।
পৰম উৎসৱে কৰে হৰিৰ কীৰ্ত্তন॥
এহিমতে চলি যান্ত জগত-ঈশ্বৰ।
দিবা-অৱসানে পাইল ঘুনুচাৰ ঘৰ॥ ২২
যদ্যপি ঘুনুচা-বাড়ী দণ্ড দুইৰ পথ।
তথাপি দিনেকে তাত গৈল জগন্নাথ ॥
ইন্দ্ৰদ্যুম্ন ৰাজা পুৰ্ব্বে মহোৎসৱ কৰি।
কৃষ্ণক দৌলত নিয়া থাপিলা সাদৰি॥ ২৩
ঘুঞ্চা নামে জীউখানি সৰ্ব্ব সৌভাগিনী।
কৃষ্ণক দিলন্ত বিহা বিধিৱতে আনি॥
সৰ্ব্ব-সুলক্ষণী কন্যা গুণৰ ভণ্ডাৰ।
সাক্ষাতে ভৈলন্ত যেন লক্ষ্মী-অৱতাৰ॥ ২৪
কৃষ্ণৰ পৰম প্ৰিয়া ঘুনুচা সুন্দৰী।
তাহান নগৰ ৰঙ্গে পাইলা দেৱ হৰি॥
অনন্তৰে তৈতে ঘুনুচায়ো বাৰ্ত্তা পাইলা।
আমাৰ পাশক আজি কৃষ্ণ চলি আইলা॥ ২৫
শুনি আতি মহাৰঙ্গ পাইলন্ত সুন্দৰী।
পৰিচাসৱক পঠাই দিলা শীঘ্ৰ কৰি॥
আগ বাঢ়ি কৃষ্ণক আনিয়ো এহি ঠাৱ।
শুনিয়া পৰিচাগণে কৰন্ত উৎসৱ॥
নানা বস্ত্ৰ-অলঙ্কাৰ পিন্ধি নাৰী নৰ৷
বান্ধৱক আগ বাঢ়ি চলিলা সত্বৰ॥ ২৬


পা ২৩॥ যদ্যপি•••••• জগন্নাথ॥ (নাই)।
২৫-২৬॥ অনন্তৰে••• ••••••কৰি॥ (নাই)।