এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
কীৰ্ত্তন ২]
৫৩
অজামিলোপাখ্যান

সিটো অজামিলে বুলিলেক মাত্ৰ
 আইস পুত্ৰ নাৰায়ণ।
এতেকতে আসি কাঢ়িয়া লৈলেক
 তযু আজ্ঞা কৰি ছন্ন॥
আমাৰ পৰয়া কাঢ়িয়া লৈবেক
 কৈত অধিকাৰী আছে৷
হেন শুনি যমে বিষ্ণুক স্মৰিয়া
 দূতক মাতিলা পাছে॥১৬
শুনা দূতগণ প্ৰভু নাৰায়ণ
 আছন্ত জগত-স্বামী।
তাহান আজ্ঞাক শিৰত ধৰিয়া
 প্ৰজাক নিয়মো আমি॥
তানে দূতচয় সদায় ভ্ৰময়
 বৈষ্ণৱক ৰক্ষা কৰি।
মাধৱৰ বেশ- ভূষণে ভূষিত
 হাতে চাৰি অস্ত্ৰ ধৰি॥ ১৭
দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ
 অসুৰ চাৰণগণে।
হৰিৰ নামৰ গোপ্য মহিমাক
 তেসম্বো কেহো নজানে।