পৃষ্ঠা:Kirtan Ghosha.pdf/৬৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৬
পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা


অসংখ্যাত লোকে শকট আজোড়ে
 মুখে কৃষ্ণ-গুণ গাই।
পৰিচাসকলে ঠাকুৰৰ মাথে
 শ্বেত ছত্ৰ ধৰি যাই॥ ৮
কতো কতো সৱে  উৎসৱ কৰিয়া
 মাধৱৰ চাপি কোলে।
অল্প অল্প কৰি সুৱৰ্ণৰ দণ্ড
 ধৰিয়া চামৰ ঢুলে॥
পৰম আনন্দে নটী নৃত্য কৰে
 চপয় পঢ়য় ভাটে।
জয় কৃষ্ণ বুলি হাত তুলি তুলি
 উপৰক চাই ৰটে॥
যোগী ব্ৰহ্মচাৰী উদাস সন্ন্যাসী
 যতি ব্ৰতী দিগম্বৰ।
কৃষ্ণৰ কীৰ্ত্তন কৰিয়া উৎসুকে
 চলি যান্ত নিৰন্তৰ॥
কেহো শঙ্খ বাৱে মৃদঙ্গ বজাৱে
 তাল-কৰতাল ঠুকি।
উৰ্দ্ধবাহু হুয়া কৰে তাল ধৰি
 কীৰ্ত্তন কৰে উৎসুকি॥ ১০
সুগন্ধ চন্দন ধূপ লগাই তুলি
 নাচে উপৰক চাই।
পৃথিৱীৰ হন্তে উল্লাস কৰিয়া
 বৈকুণ্ঠক যেন যাই॥