পৃষ্ঠা:Kirtan Ghosha.pdf/৬৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২৪
[ পৰিশিষ্ট ১
কীৰ্ত্তন-ঘোষা


কতো ধৰা-ধৰি মতা-মাতি কৰি
 হুই সৱে একথান।
নানা যন্ত্ৰ ধৰি উৎসুকে লৰিলা
 কৃষ্ণৰ ধৰি যোগান॥
যতেক পৰিচা পাণ্ডাসৱ আছে
 আনো যত নৰ নাৰী।
যাত্ৰা সুমঙ্গল কৰিয়া আনন্দে
 চলে লাস-বেশ কৰি॥ ৩
দধি দুগ্ধ ঘৃত লৈয়া পঞ্চামৃত
 মোট ভৰি ঠাৱে ঠাৱে।
দুৰ্ব্বাক্ষত সিঞ্চি ডালি ফুল দিয়া
 যাত্ৰা সুমঙ্গলভাৱে॥
দৌল হন্তে তাত ঘুনুচাৰ বাৰী
 দিব্য ৰাজ-আলি আছে।
সুগন্ধ চন্দনে ধূপ দীপ বস্ত্ৰে
 আড়ি আছে দুয়ো কাষে॥ ৪
দুশাৰী বাটত তোৰণ পুতিলা
 থোকে গুৱা নাৰিকল।
নানা চিত্ৰ কৰি পথক নিৰ্ম্মিলা
 কৰি যাত্ৰা সুমঙ্গল॥
ৰজনী পুহাইল অৰুণ জ্বলিল
 চৌভিতি সাঞ্জ কোবায়।


পা পদ ৫॥ অৰুণ জ্বলিল- পূবে সাজ দিল।